মনৰ নিজানত Song Credits
- Singer: Zubeen Garg
- Lyricist: Zubeen Garg
- Tune: Zubeen Garg
- Label: NK Production
- Album: Anamika
- Category: Romantic Song
মনৰ নিজানত lyrics in Assamese
মনৰ নিজানত জোনাক আছিলে
তোমাৰ মৰমৰ সুবাস সানিলৈ
হঠাতে শুকালে পোহৰৰ ফুলনি
নীলিমাৰ মাজতো নাথাকা যে তুমি
নাহিবা বেদনা হৈ বুকু ভৰাই
হৃদয়ে আৱেগক নোৱাৰে সহিব
চকুলো বাগৰে নিৰৱে
কিমান সাৱটিম নোপোৱাৰ সপোন
বুকুৰ উমেৰে সজোৱা
দুখৰ তৰাহৈ নাচাবা চকুলৈ মোৰ উৰে নিশা
মনৰ নিজানত জোনাক আছিলে
তোমাৰ মৰমৰ সুবাস সানিলৈ
হঠাতে শুকালে পোহৰৰ ফুলনি
নীলিমাৰ মাজতো নাথাকা যে তুমি
নাহিবা বেদনা হৈ বুকু ভৰাই
জীৱন সূৰভি তোমাৰ মাজতে
আছিলে অকলে নিৰৱে
সঁচা প্ৰেমৰো উশাহ আছিলে অকশৰীয়া বুকুতে
মৰুভুৰ মায়া হৈ
নাহিবা বুকুলে মোৰ মিছাকৈয়ে
মনৰ নিজানত জোনাক আছিলে
তোমাৰ মৰমৰ সুবাস সানিলৈ
হঠাতে শুকালে পোহৰৰ ফুলনি
নীলিমাৰ মাজতো নাথাকা যে তুমি
নাহিবা বেদনা হৈ বুকু ভৰাই
মনৰ নিজানত জোনাক আছিলে
তোমাৰ মৰমৰ সুবাস সানিলৈ
0 Comments