Anubhabi Hiya Song Credits
- Vocals & Composition: Karan Das & Amarendra Kalita
- Lyrics: Barsha Rani Kakati & Koushik Sarma
- Music/ Mix: Karan Das
- Mastering: Skiddy Dx
Anubhabi Hiya Lyrics in Assamese
অনুভৱী হিয়াত তোমাৰেই শিহৰণ
জোনাকী সন্ধিয়াৰ সেমেকা এই মন
উজাগৰি নিশাত তোমাৰেই আগমণ
জোনাকী আকাশত ওমলে এই মন
অনুভৱী হিয়াত তোমাৰেই শিহৰণ
জোনাকী সন্ধিয়াৰ সেমেকা এই মন
উজাগৰি নিশাত তোমাৰেই আগমণ
জোনাকী আকাশত ওমলে এই মন
শৰতৰ প্ৰতিটো সন্ধিয়াত
তোমাৰেই নাচোন
তোমাৰ হাঁহিতে জীপাল এহেজাৰ সপোন
তুমি শৰতৰ অচিনাকি সুৰ
বিয়পি যায় বহু দূৰ সুদূৰ
তোমাৰেই নাচোন
এহেজাৰ সপোন
তোমাৰেই নাচোন
এহেজাৰ সপোন
দহোদিশে বিয়পি উভতিবা
হিয়াতে থিতাপি ল'বলৈ
শুনাচোন ৰোৱা কিছু সময়
আছে বহু কথা ক'বলৈ
কিছু কথা প্ৰেমৰ ভাষা
সাঁচি থোৱা বহু আগৰে পৰা
অনুমতি হ'লে তোমাৰ
উটি যাব মোৰ মনৰে পৰা
শৰতৰ প্ৰতিটো সন্ধিয়াৰ
তোমাৰেই নাচোন
তোমাৰ হাঁহিতে জীপাল এহেজাৰ সপোন
অনুভৱী হিয়াতে তোমাৰেই শিহৰণ
জোনাকী সন্ধিয়াৰ সেমেকা এই মন
উজাগৰি নিশাত তোমাৰেই আগমণ
জোনাকী আকাশত ওমলে এই মন
0 Comments