Ongkita Song Assamese
Ongkita new Assamese love song of 2021 by Shankuraj Konwar & Tonmoy Krypton presented by Xurr Prouductions. Ongkita song is sung by Shankuraj Konwar. Ongkita Song Lyrics is written by Maitrayee Patar. Music is composed by Tonmoy Krypton. Starring Prasant Tiwari & Dhyani Mohan.
Ongkita Song Credits and Info
- Vocals & Composition:
- Music Composer: Tonmoy Krypton
- Lyrics: Maitrayee Patar
- Mixed & Mastered at SS Sound Studio by Tonmoy Krypton
Ongkita Song Lyrics in Assamese
উকা দুচকুৰে আছুতীয়া বাটেৰে
শুকুলা এজাক ডাৱৰ নামে মই চমকো
কপাহী চাদৰৰ সেমেকা আচল খনে
মাতে আউসীত জোনাককে মই চমকো
উশাহৰে গহনত তোমাৰে ছবিতে আবিৰ সানো
গানতে তুমি অঙ্কীতা দুচকুত তোমাক আকো
উশাহৰে গহনত তোমাৰে ছবিতে আবিৰ সানো
গানতে তুমি অঙ্কীতা দুচকুত তোমাক আকো
তুমি দিলা দিলা দিলা ঠিকনা
অʼ জীয়া জীয়া জীয়া বাসনা
মোৰ হেঙুলীয়া মনে তোমাতে
পালে সেউজীয়া প্ৰেমৰ বতৰা
দিলা দিলা দিলা ঠিকনা
দূৰণিৰে আকাশৰ জিলিকা তৰা
কাষৰতে আহি ৰলেহি মই চমকো
পলশৰ ওমতে কিজানো মায়া সনা
উকা ৰাতিতে ফুলে কেতেকী মই চমকো
দুবাহু প্ৰসাৰিলে সৃষ্টিৰ আকুল হেপাহ নামে
উৰি যায় মন বলাকাশ তোমাৰে সোপোন আঁকে
তুমি প্ৰাণৰ বৰষা
সেউজী মাটিৰ সুবাস আনা
হিয়াৰে বসুন্ধৰা তোমাতে মতলীয়া
তুমি দিলা দিলা দিলা ঠিকনা
অʼ জীয়া জীয়া জীয়া বাসনা
মোৰ হেঙুলীয়া মনে তোমাতে
পালে সেউজীয়া প্ৰেমৰ বতৰা
দিলা দিলা দিলা ঠিকনা

0 Comments