- Album - Adhunika
- Song- Akakhor Nila Bure
- Singer - Zubeen Garg & Prachi Kashyap
- Composition, Lyrics - Dicang Moon
- Music - Anuraag Pallav
- Mix & Mastered by - Bhupesh Saikia
- Audio Production - North East musical production presents
- Special Thanks : Geet and Arindom
Akakhor Nila Bure Lyrics in Assamese
আকাশৰ নীলা বোৰে
সাগৰৰ ঢৌ চুমে
বতাহৰ দিশে দিশে
অনুৰাগ উৰি ফুৰে
বিচাৰি সুবিশাল এটি মন
মোৰ সাতোৰঙীন তুমি ৰামধেনু
মন আকাশতে তুমি থাকা হেঙুল হৈ
দিলা মৰম বুকু উপচায়
আজীৱন তোমাৰ হ'বলৈ
দিলা পোহৰ, এন্ধাৰ আতৰাই
জোনাকী পখি হ'বলৈ
কোন থাকিব হৈ অলকানন্দা
হিয়াত জিলিকাই থৈ বালিচন্দা
মোৰ সাতোৰঙীন তুমি ৰামধেনু
মন আকাশতে তুমি থাকা হেঙুল হৈ
তোমাৰ হাঁহিৰে ফুলিব মেঘৰঞ্জনী
তোমাৰ দুচকুত জ্বলিব আকাশ তৰালী
মাথোঁ তুমি মোৰ হৈ ৰোৱা
এবাৰ মোৰ বুলি কৈ চোৱা
ফাগুনে আনিব আশাৰ পছোৱা
বানে ভাঙিব দুখৰ জপনা
মোৰ সাতোৰঙীন তুমি ৰামধেনু
মন আকাশতে তুমি থাকা হেঙুল হৈ
আকাশৰ নীলা বোৰে
সাগৰৰ ঢৌ চুমে
বতাহৰ দিশে দিশে
অনুৰাগ উৰি ফুৰে
Akakhor Nila Bure Video Song
Thank you for reading my blog post "Akakhor Nila Bure Lyrics - Zubeen Garg & Prachi Kashyap ". If you find it helpful for you please help me back by sharing with your friends and family.

0 Comments